শ্ৰী ৰণজিৎ কুমাৰ দাস
বিধায়ক, পাটাছাৰকুছি সমষ্টি ৷
বৃহত্তৰ টিহু অঞ্চলৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ লগতে চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিভিন্ন মেল-মিটিং আয়োজন কৰাৰ ক্ষেত্ৰত টিহু গান্ধী ভৱনটিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে ৷ সেয়েহে, ৰাজহুৱা সুবিধাৰ স্বাৰ্থত এই ভৱনটিৰ উন্নয়ন সাধন কৰাটো অতিকৈ প্ৰয়োজন ৷
তাৰ পৰিপ্ৰেক্ষিততে আজি ২০২২-২৩ বৰ্ষৰ আনটাইড পুঁজি শিতানৰ অধীনত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়োৱা ১ কোটি টকাৰে টিহু গান্ধী ভৱনৰ আন্তঃগাঁথনি উন্নয়নৰ কামৰ শুভাৰম্ভ কৰি নথৈ আনন্দিত হৈছোঁ ৷
মাননীয় সোমনাথ ডেকা ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মোৰ সৈতে নলবাৰী জিলা আয়ুক্ত শ্ৰীমতী বৰ্ণালী ডেকা, ৰাজহ চক্ৰ বিষয়া শ্ৰী বিভাস পাঠক, সংলগ্ন ৰাজহ চক্ৰ বিষয়া শ্ৰীমতী উপাসনা ডেকা, টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কিশোৰ তালুকদাৰ, বজালী জিলা পৰিষদৰ অধ্যক্ষ শ্ৰী ৰঞ্জিত শালৈ, টিহু পৌৰসভাৰ সভানেত্ৰী শ্ৰীমতী হিমানী মজুমদাৰকে আদি কৰি টিহু অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷
