পাটাছাৰকুছি সমষ্টিৰ ১৬ খন বিদ্যালয়লৈ ১৫ লাখ ৬৮ হাজাৰ টকা মুকলি …

পাটাছাৰকুছি সমষ্টিৰ ১৬ খন বিদ্যালয়লৈ ১৫ লাখ ৬৮ হাজাৰ টকা মুকলি …
শ্ৰী ৰণজিৎ কুমাৰ দাস
বিধায়ক, পাটাছাৰকুছি সমষ্টি ৷
আজি বজালী জিলাৰ আয়ুক্ত কাৰ্যালয়ত মোৰ সমষ্টিৰ ১৬ খন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিসকলৰ লগত এক আলোচনাত মিলিত হওঁ ৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে বিদ্যালয় সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫.৬৮ লাখ টকাকৈ মুকলি কৰিছে ৷ আজিৰ এই আলোচনাত নিৰ্ধাৰিত সময়ৰ পূৰ্বে নিৰ্মাণকাৰ্য সমাপন কৰিবৰ বাবে বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াওঁ ৷
উক্ত আলোচনাত মোৰ সৈতে জিলা আয়ুক্ত শ্ৰী মৃদূল দাস আৰু শিক্ষা বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷