আন্তৰ্জাতিক শ্ৰমিক দিৱস

 

“আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ ঐতিহাসিক উপলক্ষত শ্ৰমিক ৰাইজৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।” :

১মে’,২০২০ :
আজিৰ আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে শ্ৰমিক ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বাৰ্তাত সভাপতি গৰাকীয়ে কয়,”আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ ঐতিহাসিক উপলক্ষত শ্ৰমিক ৰাইজৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।”
মাননীয় সভাপতি গৰাকীৰ প্ৰচাৰ সচিব শ্ৰী প্ৰণৱ শইকীয়া প্ৰেৰিত চমু বাৰ্তাটিত তেখেতে কয়,”কঠোৰ পৰিশ্ৰম আৰু মজুৰীৰ ওপৰত জীৱন যাপন কৰা আপোনালোকে ক’ৰণা মহামাৰীৰ ফলত মুখামুখি হোৱা এই কঠিন সময়ত আমি আপোনা লোকৰ দুখৰ সমভাগী ।”ৰণজিৎ কুমাৰ দাস ।