আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত
জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ উদ্যোগত আয়োজিত জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰণয়ন হোৱা আইন আৰু
ইয়াৰ আধাৰত তেওঁলোকে পাবলগীয়া সুবিধাসমূহৰ ওপৰত এখন সজাগতা সভাত অংশগ্ৰহণ কৰোঁ ৷


উক্ত সভাখনত মোৰ সৈতে জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ অধ্যক্ষ ড° প্ৰদীপ ঠাকুৰীয়া, উপাধ্যক্ষ শ্ৰী অশোক বৰঠাকুৰ, ভৱানীপুৰ সমষ্টিৰ বিধায়ক শ্ৰী ফনীধৰ তালুকদাৰকে আদি কৰি প্ৰায় ৪ শতাধিক বয়োজ্যেষ্ঠ ব্যক্তি আৰু আইমাতৃসকল উপস্থিত থাকে ৷
