নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …
শ্ৰী ৰণজিৎ কুমাৰ দাস
ক্লাষ্টাৰ তত্বাৱধায়ক ৷


আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি নতুন দিল্লীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হোৱা ক্লাষ্টাৰ তত্বাৱধায়কৰ বৈঠকত উপস্থিত থাকোঁ ৷

সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত জেপি নাড্ডা ডাঙৰীয়া, দেশৰ সন্মানীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত বি এল সন্তোষ ডাঙৰীয়াৰ লগতে সমগ্ৰ দেশৰ ১৬৪ গৰাকী ক্লাষ্টাৰ তত্বাৱধায়কে এই বৈঠকত অংশগ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে, ক্লাষ্টাৰসমূহ ২/৩ টা লোকসভা সমষ্টিক এক কৰি গঠিত কৰা হৈছে ৷

এই বৈঠকত মোৰ সৈতে সতীৰ্থ মন্ত্ৰীসকল ক্ৰমে শ্ৰী পীযুষ হাজৰিকা, শ্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শ্ৰী বিমল বৰাৰ লগতে বিধায়ক শ্ৰী কৌশিক ৰয় উপস্থিত থাকে ৷