২৪ ঘন্টাত বোলছবি জগতৰ দুজনকৈ মহান অভিনেতাৰ বিয়োগে আমাক ব্যথিত কৰি তুলিছে।

২৪ ঘন্টাত বোলছবি জগতৰ দুজনকৈ মহান অভিনেতাৰ বিয়োগে আমাক ব্যথিত কৰি তুলিছে।

নিজৰ অফুৰন্ত অভিনয় প্ৰতিভাৰে ভাৰতীয় চিনেমা জগতক এক অনন্য ৰূপ দিয়া বলিষ্ঠ অভিনেতাদ্বয় ঋষি কাপুৰ আৰু ইৰফান খানৰ বিয়োগত মৰ্মাহত হৈছোঁ ।

দুয়োৰে বিয়োগ ভাৰতীয় ছবি জগতৰ এক অপূৰণীয় ক্ষতি ।

দুয়ো গৰাকী চিৰসেউজ অভিনেতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।

ল’ক ডাউনৰ সময় চোৱাৰ ভিতৰত ইৰফান খানৰ হিন্দী মেডিয়াম আৰু ঋষি কাপুৰৰ হান্ড্ৰেদ টু নট আউটৰ কথা সজীৱ হৈ থাকোঁতেই দুয়োগৰাকী প্ৰিয় অভিনেতাৰ এই বিয়োগত যথেষ্ট দুখ অনুভৱ কৰিছোঁ ।

তেখেত সকলৰ পৰিয়াল তথা গুণমুগ্ধৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।