‘শ্ৰদ্ধাৰ্ঘ’
“সাহিত্য জাতিৰ দাপোণ ; য’ত সাহিত্যৰ খনিকৰ সাহিত্যিকৰ কলমত জাতি প্ৰতিবিম্বিত হয় । সেয়ে,সাহিত্যিক সকল আমাৰ বাবে চিৰ-নমস্য ।”
এনে এগৰাকী নমস্য সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,বিশিষ্ট সাংবাদিক কীৰ্তিনাথ হাজৰিকা(জন্ম : ২২আগষ্ট,১৯২২ – মৃত্যু : ৩মে’,২০০২) দেৱৰ পুণ্য মৃত্যু-তিথিত সাহিত্যিক গৰাকীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ ।
দৈনিক অসমৰ প্ৰাক্তন সম্পাদক গৰাকীয়ে অসম সাহিত্য সভাৰ ৫৪তম্ হাইলাকান্দি অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল ।
