সকলোকে একতাৰে যুঁজ দি ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে আহ্বান জনাইছোঁ।

ক’ভিড-১৯ ৰ বিৰুদ্ধে চলি থকা যুঁজখনত জয়ী হোৱাৰ লক্ষ্যৰে ভাৰত চৰকাৰে তৃতীয় পৰ্য্যায়ৰ ল’কডাউনৰ ঘোষণা কৰিছে। এই ল’কডাউনৰ সময়চোৱাত সমূহ অসমবাসী ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ- “সকলোৱে যাতে চৰকাৰী নীতি- নিৰ্দেশনা মানি চলি ল’কডাউন সফল কৰক আৰু নিজৰ লগতে আনৰো জীৱনৰ সুৰক্ষা প্ৰদান কৰক।সকলোকে একতাৰে যুঁজ দি ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে আহ্বান জনাইছোঁ।”