আহক,আমি সকলোৱে মহামাৰী ক’ৰুণাৰ বিৰুদ্ধে যুঁজ দি থকা চৰকাৰ খনক সহায়ৰ হাত আগবঢ়াওঁ

আহক,আমি সকলোৱে মহামাৰী ক’ৰুণাৰ বিৰুদ্ধে যুঁজ দি থকা চৰকাৰ খনক সহায়ৰ হাত আগবঢ়াওঁ আৰু সন্মুখৰ পৰা নেতৃত্ব আগবঢ়োৱা প্ৰশাসন তথা সংশ্লিষ্ট সকলৰ মনোবল বৃদ্ধি কৰোঁ । অসমৰ বাহিৰত থকা আমাৰ হাজাৰ-হাজাৰ ভাই-ভনী সকল যিহেতু ৰাজ্যখনলৈ উভতিব ধৰিছে,সেয়ে আগন্তুক তিনিটা সপ্তাহ যিহেতু আমাৰ সকলোৰে কাৰণে দু:শ্চিন্তাৰ সময় । ৰাজ্যখনলৈ উভতি অহা এই লোক সকলৰ বাবে চৰকাৰে প্ৰতিটো বিধান সভা সমষ্টিতে কোৱাৰেন্টাইন চেন্টাৰৰ ব্যৱস্থাৰ সিদ্ধান্ত লৈছে । সেয়ে,এই চেন্টাৰ সমূহৰ লগতে ৰাজহুৱা স্থান সমূহত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে আন বিধি সমূহৰ বিষয়ে ৰাইজক অৱগত কৰি স্থানীয় প্ৰশাসন তথা সংশ্লিষ্ট সকলক সহায় কৰিবৰ কাৰণে বহু সংখ্যক স্বেচ্ছাসেৱকৰ প্ৰয়োজন হ’ব ।

এই সময় হৈছে সহায় কৰাৰ,
এজনে আনজনৰ সহায় হোৱাৰ । আহক,আমি দেশৰ হকে আগুৱাই যাওঁ আৰু দেশক ক’ৰুণাৰ বিভীষিকাৰ পৰা ৰক্ষা কৰোঁ ।

যি সকলৰ উল্লেখ কৰা যোগ্যতা সমূহ আছে আৰু স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়াব খোজে,তেওঁ লোকে তলত উল্লেখিত লিংকটোৰ জৰিয়তে আবেদনযোগে পঞ্জীয়ন কৰিব পাৰিব আৰু প্ৰয়োজনত তেওঁলোকৰে আমাৰ তৰফৰ পৰা যোগাযোগ কৰা হ’ব ।

https://forms.gle/MMkNYaYFEshmA1nE6

#IndiaFightsCorona

Bharatiya Janata Party (BJP)