“শাৰীৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ৰূপকাৰ নাপিত সকলে সামাজিক স্বাস্থ্যলৈ আগবঢ়োৱা অৱদান অনবদ্য ।”

“শাৰীৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ৰূপকাৰ নাপিত সকলে সামাজিক স্বাস্থ্যলৈ আগবঢ়োৱা অৱদান অনবদ্য ।”
“ল’ক ডাউনৰ বাবে কৰ্মহীন হৈ পৰা এই সকল সমাজকৰ্মীলৈ আৰ্থিক সকাহ আগবঢ়াবলৈ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় বিধায়ক-কাৰ্যকৰ্তা সকললৈ মোৰ বিনম্ৰ আহ্বান ।”

“সৰভোগ বিধান সভা সমষ্টিৰ ৩০০গৰাকী ককাই-ভাইৰ কাষত থিয় হ’ব পাৰি নিজকে ধন্য মানিছোঁ ।”

ক’ৰণা সন্ত্ৰাসে সমাজক বহু দিশত ইতিবাচক চিন্তাৰ খোৰাক যোগাইছে ।ক’ৰণা প্ৰতিৰোধৰ ক্ষেত্ৰত মাস্ক পৰিধান আৰু সামাজিক দুৰত্বৰ সমানেই পৰিস্কাৰ-পৰিচ্ছন্নতা গুৰুত্বপূৰ্ণ । সেয়ে, বিশ্ব সমাজে উপলব্ধি কৰিবলৈ সুযোগ পাইছে যে চিকিৎসক-চিকিৎসা কৰ্মী প্ৰশাসকৰ সমানেই গুৰুত্বপূৰ্ণ চাফাই কৰ্মীৰ সেৱা । একেদৰেই আমাৰ শাৰীৰিক সুস্থতাৰ ক্ষেত্ৰত পৰিস্কাৰ-পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ । আমাৰ চুলি-দাঢ়ি কটাৰ সেৱাৰ মাজেৰে নাপিত সকলে আমাৰ সমাজ খনলৈ অতি গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে ; কিন্তু ল’ক ডাউন দীঘলীয়া হোৱাৰ বাবে তেখেত সকল যথেষ্ট জুৰুলা হৈছে ।
ভাৰতীয় জনতা পাৰ্টিৰ দৰ্শন যুগদ্ৰষ্টা পণ্ডিত দীনদয়াল উপধ্যায় দেৱে আগবঢ়াই যোৱা একত্ম মানৱতাবাদৰ দৰ্শন । সমাজৰ শেষৰ জনৰ প্ৰতি সহমৰ্মিতাৰ দৰ্শন । সেয়ে, সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত সাংগঠনিক মণ্ডল বৰপেটা ৰোড,চকচকা আৰু গোৱৰ্দ্ধনাৰ এই সেৱাৰে জীৱিকা নিৰ্বাহ কৰা আমাৰ ভাই-ককাই সকলৰ জটিল সময়ত তেখেত সকলৰ ওচৰত থিয় দিয়াতো মোৰ নৈতিক কৰ্তব্য বুলি বিবেচনা কৰি আহিছোঁ । সেয়ে,তেখেত সকলৰ এই জটিল সময়ত আজি সৰভোগ বিধান সভা সমষ্টিৰ ৩০০ গৰাকী মোৰ ককাই-ভাইলৈ কিছু আৰ্থিক সকাহ আগবঢ়াবলৈ পাই ধন্য হৈছোঁ । একেদৰেই,ৰাজ্য খনৰ চুকে-কোণে থকা নাপিত বৃত্তিৰে জীৱন নিৰ্বাহ কৰা আমাৰ ভাই-ককাই সকলৰ এই জটিল সময়ত সহায়ৰ হাত আগবঢ়াবলৈ ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় বিধায়ক-সাংসদ সকলৰ লগতে কাৰ্যকৰ্তা সকললৈ বিনম্ৰ আহ্বান জনাওঁ ।