প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ মাননীয় মন্ত্ৰী তথা এন ডি এৰ সাংসদ সকল, দলৰ কেন্দ্ৰীয় নেতৃত্ব তথা কাৰ্যকৰ্তা সকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ।

সমগ্ৰ দেশবাসীৰ আশীষ, অটল বিশ্বাস, নিৰৱচ্ছিন্ন সহযোগিতাৰে মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰখনে দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বছৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ এই শুভ উপলক্ষত দিক্-দৰ্শী যুগনায়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ মাননীয় মন্ত্ৰী তথা এন ডি এৰ সাংসদ সকল, দলৰ কেন্দ্ৰীয় নেতৃত্ব তথা কাৰ্যকৰ্তা সকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ।

“এক নিশান, এক বিধান, এক প্ৰধান”ৰ হোতা ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী, “একাত্ম মানৱতাবাদ”ৰ শ্ৰষ্টা পণ্ডিত দীনদয়াল উপাধ্যায়, মহীৰুহ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, কুশাভাউ ঠাকৰে দেৱৰ লগতে যি সকল মহাযোগীৰ নিৰলশ সাধনা-ত্যাগৰ পৰিণতিত ভাৰতীয় জনতা পাৰ্টি আজিৰ এই ঐতিহাসিক উপলক্ষত উপণীত হৈছে, চিনা-অচিনা সেই সকলোজনৰ প্ৰতি গভীৰ শ্ৰদ্ধা তৰ্পণ কৰিছোঁ ।