ক’ৰোনা ভাইৰাছৰ ভয়াবহতাৰ সন্দৰ্ভত সজাগতা কৰাৰ উদ্দেশ্যে আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি তথা মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে অসমৰ ৫০ লাখ পৰিয়ালৰ ঘৰলৈ গৈ সম্পৰ্ক কৰাৰ লক্ষ্যৰে আজি আনুষ্ঠানিক ভাবে জনসম্পৰ্ক অভিযান আজি পশ্চিম গুৱাহাটী সমষ্টিত শুভাৰম্ভ কৰোঁ।
এই অনুষ্ঠানত মোৰ লগতে উপস্থিত থাকে ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোঁহাই,জিলা সভাপতি মৃগেন শৰণীয়া ৰ লগতে পশ্চিম গুৱাহাটী মণ্ডলৰ সভাপতি দেবজিত ৰাজবংশী আৰু বুথৰ সভাপতি হাবিবুৰ ৰহমান আৰু কল্প কলিতা উপস্থিত থাকে।
কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিগত সময়ৰ কামৰ খতিয়ান লৈ দুখন পত্ৰৰে জন সম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰি নথৈ আনন্দিত হৈছোঁ। ৰাইজৰ আগ্ৰহ, আন্তৰিকতা আৰু বিশ্বাসে পুনৰ বাৰ আমাৰ মনোবল বৃদ্ধি কৰিছে।





