“ধন্য-ধন্য বি জে পি কাৰ্যকৰ্তা ।”

“ধন্য-ধন্য বি জে পি কাৰ্যকৰ্তা ।”

যোৱা কালি অসমৰ বিভিন্ন প্ৰান্তত আয়োজিত হোৱা “জনসম্পৰ্ক অভিযান”লৈ অসমৰ জনতাই বিপুল সঁহাৰি দেখুৱা পৰিলক্ষিত হয় । অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত ১২৪টা সমষ্টিত এই জনসম্পৰ্ক অভিযান আয়োজিত হয়।
এই অভিযানত মাননীয় বিভিন্ন বিভাগীয় মন্ত্ৰী সকলে,সাংসদ সকলে,বিধায়ক সকলে,ৰাজ্যিক বিষয়ববীয়া সকলে,জিলা সভাপতি সকলে,মণ্ডলৰ সভাপতি সকলে তথা বুথৰ সভাপতি সকলে যোৱাকালি “জনসম্পৰ্ক অভিযান”ৰ জৰিয়তে সমগ্ৰ অসমজুৰি যি জনজাগৰণৰ সৃষ্টি কৰিলে তাত মই খুবেই আপ্লুত হৈছোঁ,ধন্যবাদো জনাইছোঁ ।
যোৱা কালিৰ শুভাৰম্ভণি অনুষ্ঠানৰ পাছতেই মই আশা ৰাখিছোঁ,মণ্ডল সভাপতি সকলে যেন নিজ নিজ বুথত ২০ গৰাকী সদস্যক দুজনীয়া গোট কৰি মুঠ ১০ টা গোট গঠন কৰি জিলা সমুহৰ পৰা পত্ৰিকা সমুহ সংগ্ৰহ কৰি এটা গোটে ২৫ ৰ পৰা ৩০ টা পৰিয়াল সামৰি এই অভিযান সফল কৰে ।
প্ৰতিটো পৰিয়ালৰ সৈতে সম্পৰ্ক স্থাপন কৰি আমাৰ যি লক্ষ্য ” ৫০ লাখ পৰিয়ালৰ সৈতে সম্পৰ্ক স্থাপন” সেই লক্ষ্যত অতি শীঘ্ৰে উপনীত হ’বৰ বাবে,কাৰ্যকতা সকলক এই অভিযান সফল কৰিবলৈ আহ্বান জনাইছোঁ।
পত্ৰিকা সমুহৰ প্ৰকাশৰ কাম অবিৰতভাৱে চলি আছে,ক্ৰ’মাগতভাৱে সকলো বুথ সমিতিয়ে পত্ৰিকা সমুহ লাভ কৰিব।
সেয়ে,জিলা আৰু মণ্ডল সমিতিৰ সভাপতি সকলৰ সৈতে যোগাযোগ ৰাখিবলৈ বুথ সমিতিৰ সভাপতি সকলক অনুৰোধ জনাইছোঁ ।