“গাওঁবুঢ়া সকলৰ মাজত স্মাৰ্ট ফোন বিতঁৰণ”

আজি বৰপেটা জিলা প্ৰশাসনৰ উদ্যােগত জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত আয়োজিত “গাওঁবুঢ়া সকলৰ মাজত স্মাৰ্ট ফোন
বিতঁৰণ” অনুষ্ঠানত উপস্থিত থাকি ৪৭৭ গৰাকী সন্মানীয় গাওঁবুঢ়াক অসম চৰকাৰৰ তৰফৰ পৰা একোটিকৈ স্মাৰ্ট ফোন বিতৰণ কৰোঁ।
এই অনুষ্ঠানত মোৰ লগতে উপস্থিত থাকে বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ দাস ডাঙৰীয়া আৰু জিলা উপায়ুক্ত মুনীন্দ্ৰ নাথ শৰ্মা।
সাম্প্ৰতিক সময়খিন বিজ্ঞান- প্ৰযুক্তি তথা “ডিজিটেল” মাধ্যমৰ সময়। এই সময়খিনিত গাওঁ সমূহৰ উন্নয়ণ, সুৰক্ষাৰ অন্যতম সেনাপতি স্বৰূপ সন্মানীয় আমাৰ গাওঁবুঢ়া সকল যাতে পিছ পৰি নাথাকি, সময়ৰ আহ্বান অনুসৰি অাগবাঢ়ি বিজ্ঞান- প্ৰযুক্তি তথা “ডিজিটেলী”ও কৰ্মক্ষম হৈ ৰাইজৰ সেৱা আগবঢ়াব পাৰে তাৰ বাবেই অসম চৰকাৰে এই আঁচনি গ্ৰহণ কৰিছে।
মই আন্তৰিকতাৰে আশা কৰিছোঁ অসম চৰকাৰৰ এই পদক্ষেপে গাওঁবুঢ়া সকলক একবিংশ শতিকাৰ আহ্বান আৰু আগ্ৰহৰ সৈতে খোজ থৈ গাওঁ সমূহৰ ৰাইজৰ বাবে সেৱা আগবঢ়োৱাত আৰু অধিক সহায় কৰিব।