নিয়মিত যোগাসনে সুস্থ সবল জীৱন এটি আমাক উপহাৰ দিয়াৰ লগতে মনৰ অস্থিৰতা দূৰ কৰাটো বহুগুনে সহায় কৰে।
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰলস প্ৰচেষ্টাৰ বাবেই ২০১৪ চনৰ ২১ ডিচেম্বৰ তাৰিখে সংযুক্ত ৰাষ্ট্ৰৰ অধীনত থকা ১৯৩ খন ৰাষ্ট্ৰই ২১ জুন তাৰিখটো ” আন্ত: ৰাষ্ট্ৰীয় যোগ দিৱস” হিচাপে পালন কৰিবলৈ আগবঢ়োৱা প্ৰস্তাৱ অনুমোদন কৰে।
সম্প্ৰতি কভিড ১৯ ৰ ভয়াবহ এই সময়চোৱাত সমগ্ৰ বিশ্বই ঐক্যমত প্ৰকাশ কৰিছে যে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰোৱাত “যোগ অনুশীলন” ৰ ভূমিকা অন্যতম তথা সবল।
আজি “আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস” উপলক্ষে আহক আমি স্ব গৃহতে যোগ অনুশীলন কৰোঁ আৰু নিয়মিত যোগ কৰাৰ সংকল্প লও।
সকলোৰে সু-স্বাস্থ্য কামনা কৰিছোঁ।
