ভাৰতীয় সংস্কৃতিৰ পৰম উপাসক পূজনীয় ডাঃ কেশৱ বলিৰাম হেডগেৱাৰ দেৱে এখন সংগঠিত তথা অখণ্ড ভাৰতবৰ্ষ নিৰ্মানৰ বাবে নিজৰ সম্পূৰ্ন জীৱন দেশৰ হকে সমৰ্পিত কৰিছিল।
তেখেতে পৰাধীনতা আৰু আন্তৰিক বিবাদগ্ৰস্ততা ৰাষ্ট্ৰৰ পৰা দূৰ কৰাৰ হকে ৰাষ্ট্ৰক সংগঠিত কৰি আৰু সৰ্বোচ্চ দেশ প্ৰেমৰে তথা ধৈয্য সাধনাৰে মাৰ্গ দেখুৱাৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয়
স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা কৰি অখণ্ড ৰাষ্ট্ৰ নিৰ্মানৰ বীজ অংকুৰন কৰিছিল।
ভাৰতীয় সংস্কৃতিৰ এইজনা পৰম উপাসক,
সনাতন পৰম্পৰাৰে বিশ্ব সম্প্ৰীতিৰ বাৰ্তাবাহক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক তথা প্ৰথম সৰসংঘচালক পূজনীয় ডাঃ কেশৱ বলিৰাম হেডগেৱাৰ দেৱৰ পূণ্য তিথিত আন্তৰিক শ্ৰদ্ধা তৰ্পন কৰিছোঁ। জয় হিন্দ।