কাইলৈ বিয়লি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব “ভাৰ্চুৱেল ৰেলী”

লাডাখৰ গালৱান উপত্যকাত সংঘটিত হোৱা ঘটনাটিৰ পাছতেই বীৰ শ্বহীদ সকলৰ প্ৰতি সন্মান জনাই আৰু দেশৰ সুৰক্ষা তথা অখণ্ডতাক অগ্ৰাধিকাৰ দিয়া দেশৰ অন্যতম ৰাজনৈতিক দল হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে. পি. নাড্ডা ডাঙৰীয়াই দলৰ সকলো ধৰণৰ কাৰ্যসূচী দুটা দিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডা ডাঙৰীয়াৰ এই সিদ্ধান্ত ঘোষণাৰ পাছতেই আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশেও দুটা দিনৰ বাবে সকলো ধৰণৰ ৰাজনৈতিক কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিলোঁ । সেয়েহে, ১৮ তাৰিখে অনুষ্ঠিত হ’ব লগা “ভাৰ্চুৱেল ৰেলী” খনো স্থগিত ৰখা হৈছিল। সম্প্ৰতি ২৩ জুন, মংগলবাৰে অৰ্থাৎ কাইলৈ বিয়লি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব এই “ভাৰ্চুৱেল ৰেলী”। বৈদ্যুতিক মাধ্যমৰ উপৰিও ভাৰতীয় জনতা পাৰ্টীৰ অফিচিয়েল ফেচবুক পেজ BJP Assam Pradesh ৰ জৰিয়তে পোনপটীয়াকৈ সকলোৱে এই ৰেলীত অংশগ্ৰহণ কৰিব পাৰিব।
দলৰ বিষয় ববীয়া, মন্ত্ৰী,বিধায়ক, সাংসদ, কাৰ্যকৰ্তাক তথা শুভাকাংশী তথা ৰাইজক এই “ভাৰ্চুৱেল ৰেলী” ত অংশগ্ৰহণ কৰিবলৈ বিনম্ৰ ভাবে অনুৰোধ জনাইছোঁ।

#VirtualRallyAssam