সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি জে. পি নাড্ডা ডাঙৰীয়াই আজি অসমৰ বানপানী সম্পৰ্কত মোৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি বৰ্তমান পৰিস্থিতি সম্পৰ্কত বুজ লয়।

ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি জে. পি নাড্ডা ডাঙৰীয়াই আজি অসমৰ বানপানী সম্পৰ্কত মোৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি বানপানী তথা বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশা,চৰকাৰী তৎপৰতা, সাহাৰ্য তথা বৰ্তমান পৰিস্থিতি সম্পৰ্কত বুজ লয়।

তেওঁ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ কাৰ্যকৰ্তা সকলক চৰকাৰৰ সৈতে সহযোগ কৰি পাৰ্যমানে বানাক্ৰান্ত ৰাইজক সহায় সহযোগ কৰিবলৈ আহ্বান জনাই।তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমিও ইতিমধ্যে কাৰ্যকৰ্তা সকলক আহ্বান জনাইছোঁ যে প্ৰতিজন ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ কাৰ্যকৰ্তাই যেন সাহাৰ্য্য সামগ্ৰীৰ সঠিক বিতৰণ তথা সঠিক স্থানত পোৱাত সহায় কৰে তথা কাৰ্যকৰ্তা সকলে পাৰ্যমানে যাতে বানাক্ৰান্ত ৰাইজৰ কাষত থাকে।