“ভাৰতীয় চিকিৎসক সকলে নিজৰ সক্ষমতা আৰু কৌশলৰে সমগ্র বিশ্বতে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে । চিকিৎসা-বৃত্তিত বুৎপত্তি আৰু কঠোৰ পৰিশ্ৰমেৰে জটিল চিকিৎসা সংক্ৰান্তীয় সমস্যা সমাধানৰ কাৰণে আমাৰ চিকিৎসক সকল জনাজাত ।”- মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
মানৱ জীৱনৰ স্বাস্থ্যজনিত গুৰুত্বপূৰ্ণ সন্ধিক্ষণত চিকিৎসক সকল আমাৰ বাবে গুৰুত্বপূৰ্ণ আৰু বিশ্বাসৰ স্থল।সেইবাবেই আমাৰ সমাজ জীৱনত চিকিৎসক সকলক ভগৱানৰ ৰূপত গন্য কৰা হয়।
“চিকিৎসক দিৱস”ৰ এই পবিত্ৰ দিনটোত মানৱ জাতিলৈ আগবঢ়োৱা অফুৰন্ত মানৱীয় সেৱাৰ বাবে প্ৰতিজন চিকিৎসকে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।
সাম্প্ৰতিক সময়টো কভিড ১৯ ৰ বিৰুদ্ধে চলি থকা যুঁজ খনটো চিকিৎসক সকলৰ নিৰন্তৰ চেষ্টা, ত্যাগ আৰু কষ্টই আমাক আমাৰ জীৱনৰ নিৰাপত্তা প্ৰদান কৰিছে।
তেখেত সকলৰ সু স্বাস্থ্য কামনা কৰিছোঁ।





