নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০”
৩৪ বছৰযোৰা অপেক্ষাৰ অন্ত পেলাই কেন্দ্ৰীয় মন্ত্ৰালয়ৰ স্বীকৃতি মৰ্মে ভাৰতবৰ্ষই নতুন শিক্ষা নীতি লাভ কৰিবলৈ সক্ষম হল।নতুন শিক্ষা নীতিয়ে মাতৃভাষা তথা আঞ্চলিক ভাষা সমুহক অধিক গুৰুত্ব প্ৰদান কৰিব আৰু সুৰক্ষিত কৰিব।
এই শিক্ষা নীতিৰ দ্বাৰা শিক্ষা সমাপ্ত কৰা প্ৰতিজন শিক্ষাৰ্থীয়েই যিকোনো এটা কাৰিকৰী শিক্ষাত সিদ্ধহস্ত তথা পাকৈত হ’ব। জীৱিকাকে আদি কৰি এই শিক্ষানীতিয়ে অধিক সুৰক্ষিত কৰিব ছাত্ৰ সমাজৰ জীৱনৰ নিৰাপত্তা।
ছাত্ৰ- ছাত্ৰী সকলে নিজৰ পচন্দ অনুসৰি বিষয় লৈ অধিক উৎসাহৰে নিজৰ শিক্ষা আগবঢ়াই নিবলৈ সক্ষম হ’ব। মুখস্থ বিদ্যাৰ আৰু নম্বৰ কেন্দ্ৰিক পৰীক্ষাৰ সলনি নতুন মূল্যায়নৰে শিক্ষা ব্যৱস্থা আগবাঢ়িব।
শিক্ষাৰ ক্ষেত্ৰত এই শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।
নতুন শিক্ষা নীতিয়ে ছাত্ৰ সমাজক ন দিগন্তৰ বাট দিয়ক।