“येन बद्धो बलिराजा दानवेन्द्रो महाबल:।
तेन त्वामपि बध्नामि रक्षे मा चल मा चल ॥”
অৰ্থাৎ
“মহান দানৱৰাজ বলীৰজাক যি ৰক্ষা-সূত্ৰৰে বন্ধা হৈছিল;ময়ো সেই একেই ৰক্ষা-সূত্ৰই বান্ধিছোঁ ।
হে ৰক্ষক-ৰাখী ! নিজৰ সংকল্পৰ পৰা যেন বিচলিত নোহোৱা !”(ৰাখী-স্তোত্ৰ)
কথিত আছে যে দানৱৰাজ মহান বিষ্ণুভক্ত বলীৰজাক বিষ্ণুভাৰ্যা লক্ষ্মী দেৱীয়ে ভাইবৰণ কৰি ৰক্ষা-সূত্ৰ পিন্ধোৱাৰ পৱিত্ৰ উপলক্ষ হিচাপে হিন্দু ধৰ্মাৱলম্বী সকলে “ৰক্ষা -বন্ধন” উদযাপন কৰে । ভাতৃৰ হাতত ৰক্ষা-সূত্ৰ ‘ৰাখী’ বান্ধি ভগ্নী সকলে ভাতৃ সকলৰ মংগলৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু ভাতৃ সকলেও ভগ্নীসকলৰ সুৰক্ষাৰ দায়িত্ব নিজৰ কান্ধত তুলি লয় । ভাতৃ-ভগ্নীৰ পৱিত্ৰ সম্পৰ্কৰ প্ৰতীক “ৰাখী-বন্ধন”ৰ এই পৱিত্ৰ উপলক্ষত সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ । এই পৱিত্ৰ উপলক্ষত “নাৰী-সুৰক্ষা আৰু মহিলা-সবলীকৰণ” যেন আমাৰ সকলোৰে ব্ৰত হওক !
