মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি নিজৰ প্ৰাণ বিৰ্সজন দিয়া অসম ৰাইফলছৰ হাবিলদাৰ প্ৰণয় কলিতাৰ বজালীৰ ঘটবৰ সাদেৰী গাঁওস্থিত বাসগৃহত উপস্থিত হৈ বীৰ শ্বহীদগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
দেশ তথা মাতৃভূমিৰ বীৰ সন্তান প্ৰণয় কলিতাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা আৰু সহমৰ্মিতা প্ৰকাশ কৰিলোঁ।



বীৰ সৈনিক প্ৰণয় কলিতাৰ , দেশ প্ৰেম, ত্যাগ আৰু বীৰত্ব সময়ৰ পৃষ্ঠাত সোণালী অাখৰৰে খোদিত হৈ ৰ’ব অাৰু অনাগত প্ৰজন্মৰ বাবে হৈ ৰ’ব দেশৰ হকে সেৱা কৰাৰ সাহস অাৰু অনুপ্ৰেৰণা।