সুদীৰ্ঘকালৰ অপেক্ষাৰ অন্ত পেলাই প্ৰভু ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত নিৰ্মাণ হ’ব ৰামমন্দিৰ৷

সুদীৰ্ঘকালৰ অপেক্ষাৰ অন্ত পেলাই প্ৰভু ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত নিৰ্মাণ হ’ব ৰামমন্দিৰ৷ ৫ আগষ্টৰ আজিৰ এই বিশেষ দিনটোত ৰামমন্দিৰ নিৰ্মাণৰ বাবে ভূমি পূজন কৰিলে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই৷ প্ৰভু শ্ৰীৰামচন্দ্ৰৰ ওপজাভূমিৰ মন্দিৰৰ ভূমি পূজনৰ এই ঐতিহাসিক ক্ষণে ভাৰত মাতাৰ বিশালতা, ঐতিহ্য, গৰিমাক পুনৰ এবাৰ বিশ্বৰ বুকত শক্তিশালী ৰূপত দাঙি ধৰিছে৷

ৰামমন্দিৰ ভূমি পূজনলৈ প্ৰেৰণ কৰা হৈছে কামাখ্যা ধামৰ ভূ-গৰ্ভৰ পৱিত্ৰ জল আৰু ভূমি৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ ভূ জল প্ৰেৰণৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত থকা পৱিত্ৰ স্থানসমূহৰ পৰাও ৰামমন্দিৰৰ ভূমি পূজনলৈ জল আৰু ভূমি প্ৰেৰণ কৰা হৈছে যাতে প্ৰত্যেকজন লোকৰ হৃদয়ত “ৰাম মন্দিৰ“ৰ প্ৰতি শ্ৰদ্ধা আৰু আন্তৰিকতা বৃদ্ধি পায়৷

ৰাম মন্দিৰৰ নিমাৰ্ণ কাৰ্য সুকলমে সমাপন হৈ যোৱাৰ মানসৰে মঙ্গলদৈ লোকসভাৰ অন্তৰ্গত মঙ্গলদৈ বিধানসভাৰ সনাতন ধৰ্ম সেৱা প্ৰাংগণত এক মহাবিষ্ণু যজ্ঞ অনুষ্ঠিত হয়৷ এই যজ্ঞত অংশগ্ৰহণ কৰে সন্মানীয় সাংসদ দীলিপ শইকীয়া, ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, মঙ্গলদৈ বিধায়ক গুৰুজ্যােতি দাস, জিলা সভাপতি অমৰেন্দ্ৰ শৰ্মা সহিতে কাৰ্যকৰ্তা সকলে৷

ৰামমন্দিৰ নিমাৰ্ণৰ বাবে সংগ্ৰাম অব্যাহত ৰখা ভাৰতীয় সমাজৰ যি সকল সংগ্ৰামী ব্যক্তিয়ে নিজৰ প্ৰাণ বিসৰ্জন দিলে, অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিলে তেওঁলোক প্ৰতিজনকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু আমাৰ প্ৰসিদ্ধ সাংস্কৃতিক, আধ্যাত্মিক ঐতিহ্যৰে সংযোগ স্থলী হ’বলৈ আগবঢ়া “ৰাম মন্দিৰ“ সুকলমে নিৰ্মাণ হৈ উঠাৰ আন্তৰিক কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ৷