“ক’ভিড-১৯“ত আক্ৰান্ত হৈ সুস্থ হোৱা লোকসকলকক প্লাজমা দান কৰি আক্ৰান্ত আন লোকৰ জীৱন ৰক্ষা কৰিবলৈ মই আন্তৰিক অনুৰোধ জনাইছোঁ ৷
আপোনাসৱৰ এই দানে কাৰোৱাৰ জীৱন ৰক্ষা কৰিব৷ এই মহৎ দান সমাজ তথা সেই বিশেষ ব্যক্তিসকলৰ বাবে চিৰদিনৰ বাবে আশীৰ্বাদ হৈ ৰ’ৱ৷
এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে ইতিমধ্যে ৰাজ্যিক ভিত্তিত এখন সমিতি গঠনৰ লগতে জিলা আৰু মণ্ডল ভিত্তিত একোখনকৈ সমিতি গঠন কৰিছে৷ এই সমিতি সমূহৰ সৈতে প্লাজমা দান সন্দৰ্ভত “ক’ভিড-১৯“ত আক্ৰান্ত হৈ সুস্থ হোৱা লোকসকলক সম্পৰ্ক স্থাপন কৰি যি প্ৰ পত্ৰৰ ব্যৱস্থা কৰা হৈছে সেই প্ৰ পত্ৰ পূৰণ কৰি প্লাজমা দান কৰিবলৈ অনুৰোধ জনাইছোঁ৷

আজি এই সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্স যোগে অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠকত সবিশেষ আলোচনা কৰো৷ এই বৈঠকত মোৰ লগতে নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷