সমগ্ৰ ভাৰতবৰ্ষৰ বাবে “ভাৰত ত্যাগ আন্দোলন” এক ঐতিহাসিক ক্ষণ৷ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই আন্দোলনত সমগ্ৰ ভাৰতৰ লগতে অসমৰ চিৰনমস্য ব্যক্তিসকলে অংশগ্ৰহণ কৰি দেশৰ স্বাধীনতাৰ পথ প্ৰশস্ত কৰিছিল ৷
এই ঐতিহাসিক গণ আন্দোলনত আত্মবলিদান দিয়া প্ৰতিগৰাকী অসমৰ স্বতন্ত্ৰতা সেনানীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদিছোঁ৷

দেশমাতৃৰ স্বতন্ত্ৰতাৰ বাবে সৰ্বোচ্চ ত্যাগ দিয়া আৰু পৰাধীনতাৰ শিকলি চিঙি নতুন ভাৰত গঢ় দিয়া তেখেতসকলৰ চিন্তাধাৰা ভৱিষ্যত প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব ৷