“অৰ্থনৈতিক সক্ষমতা আৰু ৰাজ্যৰ মহিলাসকলৰ সামাজিক সৱলীকৰণৰ হেতু অসম চৰকাৰৰ বলিষ্ঠ তথা বৃহত্তম পদক্ষেপ“
সমাজ আৰু অৰ্থনীতিৰ উন্নয়নৰ বাবে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনে নিৰন্তৰ ভাবে সকলো প্ৰত্যাহ্বান নেওচি ৰাইজৰ হকে সেৱা মনোভাৱৰে কাম কৰি আহিছে৷
সম্প্ৰতি ৰাজ্য চৰকাৰ খনে সামাজিক অৰ্থনৈতিক উন্নয়নৰে পৰিপূৰ্ণ ভেঁটিত গঠিত এখন নতুন অসম গঢ়াৰ লক্ষ্যৰে এক প্ৰয়াসৰে “অৰুনোদয়“ শীৰ্ষক এখনি আঁচনি মুকলি কৰিছে৷
এই আঁচনিৰ মুল লক্ষ্যই হৈছে “মহিলা সৱলীকৰণেৰে পৰিয়ালসমূহ তথা অসমৰ সৱলীকৰণ৷“

দায়ব্ধতাৰে ৰাজ্যৰ সকলো স্তৰৰ ৰাইজক উপকৃত কৰাৰ মানসৰে কাম কৰি অহা চৰকাৰ খনৰ ভিন্ন অভিলাষী আঁচনিৰ বিপৰীতে এই আঁচনি খনি অন্যতম তথা আগৰুণুৱা৷
এই আঁচনিৰ জৰিয়তে এসাঁজ স্বাস্থ্যকৰ আৰু সুষম আহাৰৰ বাবে দৈনিক ভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ৰাজ্যৰ মহিলা সকলক সহায় আৰু সাৰ্মথ্য প্ৰদান নিশ্চিত কৰাৰ লগতে ৰাজ্যখনত বাস কৰা অভাৱগ্ৰস্ত পৰিয়ালক আয়ৰ সহায় প্ৰদান কৰি আৰ্থিক সমস্যাসমূহ দূৰ কৰা হ’ব৷

মহিলা সৱলীকৰণৰে পৰিয়াল সমূহ সৱলীকৰণৰ বাবে লোৱা এই বৃহত্তম পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মাননীয় বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ৷
এই বৃহৎ পদক্ষেপে ৰাজ্যখনকে সৱলীকৰণৰ ক্ষেত্ৰত এক শক্তিশালী তথা অন্য এক স্তৰলৈ নিবলৈ নিশ্চিতৰূপত সক্ষম হ’ব৷
আঁচনিখন সফল কৰি তুলিবলৈ বিশেষ ভাবে ৰাজ্যৰ সন্মানীয় মহিলা সকলৰ সহযোগিতা, পৰাৰ্মশ কামনা কৰিছোঁ৷