“ক’ৰ’ণাত আক্ৰান্ত হৈ সুস্থ হোৱা এজন ৰোগীৰ প্লাজমাই আন দুজন ক’ৰণাৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে৷ “”প্লাজমা দানৰ বাবে আজি ২৯০ জনৰ পঞ্জীয়ন ।”

“ক’ৰ’ণাত আক্ৰান্ত হৈ সুস্থ হোৱা এজন ৰোগীৰ প্লাজমাই আন দুজন ক’ৰণাৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে৷ “”প্লাজমা দানৰ বাবে আজি ২৯০ জনৰ পঞ্জীয়ন ।”

ক’ৰণাত আক্ৰান্ত হৈ অতি জটিল অৱস্থাৰ মুখামুখি হোৱা ৰোগী সকলৰ ক্ষেত্ৰত প্লাজমা-থেৰাপীয়েই সৰ্বোত্তম চিকিৎসা হিচাপে পৰিগণিত হৈছে৷ ইতিমধ্যে,অসম চৰকাৰে ৰাজ্য খনৰ জটিল অৱস্থাত আক্ৰান্ত ৰোগী সকলৰ জীৱন ৰক্ষা কৰাৰ বাবে গ্ৰহণ কৰা প্ৰয়াসৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা সহযোগিতা আগবঢ়াই স্ব-ইচ্ছাৰেই প্লাজমা দান কৰিব বিচৰা “প্লাজমা হিৰ’ “ সকলৰে যোগাযোগ কৰি তেখেত সকলৰ প্লাজমা সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে৷

গুৱাহাটী,ডিব্ৰুগড়,শিলচৰ, যোৰহাট আৰু তেজপুৰ মেডিকেল কলেজ হস্পিতেলত আজি পুৱা ১০বজাৰ পৰা ভা জ পা কাৰ্যকৰ্তা সকলৰ উদ্যোগত এই শিবিৰ অনুষ্ঠিত হয় ৷ প্লাজমা-হিৰ’ সকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সকলোকে এই অভিযানত সহযোগিতা আগবঢ়াবৰ বিনম্ৰ আহ্বান জনালোঁ ।

গুৱাহাটী মেডিকেল কলেজ হস্পিতেলৰ শিবিৰত মোৰ স’তে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও উপস্থিত থাকে ।