“বাধা আহে যদি আহিবলৈ দিয়া
প্ৰলয়ৰ ক’লা ডাৱৰে ঘেৰিবলৈ দিয়া
ভৰিৰ তলুৱাত অঙঠা থাকিলেও
মূৰৰ ওপৰত অগনি বৰষিলেও
নিজৰ হাতেৰেই হাঁহি হাঁহি
জ্বলাব লাগিব নিজকে
খোজ মিলাই যাবই লাগিব আগুৱাই”
-অটল বিহাৰী বাজপেয়ী
সৰ্বকালৰ সৰ্বজনপ্ৰিয়,যুগদ্ৰষ্টা, দেশৰ ভূতপূৰ্ব প্ৰধান মন্ত্ৰী, অসম হিতৈষী “ভাৰত-ৰত্ন” অটল বিহাৰী বাজপেয়ী দেৱক তেখেতৰ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
নতুন ভাৰতৰ নিৰ্মাতা, প্ৰমূল্যবোধৰ ৰাজনীতি ৰে দেশৰ বাবে আগবঢ়াই যোৱা অৱদানৰে, বলিষ্ঠ ব্যক্তিত্বৰে বাজপেয়ী ডাঙৰীয়া সকলোৰে প্ৰেৰণাৰ উৎস। তেখেতৰ আৰ্কষণীয় ব্যক্তিত্বই প্ৰতিজনকে সদায় সন্মোহন কৰি ৰাখিছে।