অসমীয়া জাতি, সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা, অসমীয়া সমাজ-জীৱনক একতা ডোলৰে একত্ৰিত কৰি জাতিটোক শক্তিশালী ৰূপ দিয়া ৰূপকাৰ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক তেৰাৰ তিৰোভাৱ তিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ৷
অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক ক্ষেত্ৰলৈ তেৰাই আগবঢ়োৱা অতুলনীয় অৱদান চিৰদিন অসমীয়া তথা প্ৰতিজন ভাৰতীয়ৰ স্বাভিমান আৰু সাহস হৈ থাকিব৷
তেখেতৰ তিৰোভাৱ তিথি উপলক্ষে দিছপুৰ লাষ্টগেট স্থিত নামঘৰত গুৰুজনাৰ চৰণত সেৱা তথা প্ৰাৰ্থনা জনাই দেশবাসীৰ মংগল কামনা কৰোঁ।