মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক চৰকাৰখনৰ ওপৰত আস্থা ৰাখি আজি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে দলত যোগদান কৰে৷
তাৰে ভিতৰত বাক্সা জিলাৰ বিপিএফ কেন্দ্ৰীয় সমিতিৰ সদ্য পদত্যাগী উপ-সভাপতি, অসম গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক, প্ৰাক্তন এমচিএল শ্ৰী বাসুদেৱ উপাধ্যায়, প্ৰাক্তন সভাপতি, প্ৰাক্তন , সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, শৰণীয়া কছাৰী উন্নয়ণ পৰিষদৰ প্ৰাক্তন অধ্যক্ষ, বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্ৰী ৰমেশ চন্দ্ৰ দাস, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক,
বিপিএফ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য শ্ৰী শুকদেৱ দত্ত, ধমধমা কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰী অমৃত ৰাজবংশী, বাক্সা জিলাৰ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সম্পাদক শ্ৰী নৱ কুমাৰ মেধি, দিহিৰা বিপিএফৰ সাধাৰণ সম্পাদক শ্ৰী চণ্ডীচৰণ হালৈ, গণ সুৰক্ষা পাৰ্টিৰ ৰাজ্যিক সদস্য শ্ৰী নিতুল কলিতা,
বিপিএফৰ প্ৰাক্তন ভিচিডিচি অধ্যক্ষ শ্ৰী ধীৰেণ তালুকদাৰ, বাগানপাৰা গণ সুৰক্ষা পাৰ্টিৰ কাৰ্যকৰী সভাপতি শ্ৰী কৃষ্ণ আৰ্য বৈশ্য, বাগানপাৰা গণ সুৰক্ষা পাৰ্টিৰ আঞ্চলিক সভাপতি শ্ৰী নিপুল ডেকা আৰু বিপিএফৰ সক্ৰিয় সদস্য শ্ৰী জিমি বড়ো আদি প্ৰধান৷

নতুন সদস্যসকলক দললৈ উষ্ণ আদৰণি জনোৱাৰ লগতে আগন্তুক দিনত দলৰ স্বাৰ্থত একেলগে কাম কৰি যাবলৈ আহ্বান জনাইছো৷







