“বিজেপি নেতৃত্বাধীন চৰকাৰৰ উদ্যােগত প্ৰগতিৰ বাটত আৰু এটি খোজ..”

নিৰন্তৰ ভাবে দেশ তথা ৰাজ্যৰ প্ৰগতি, ঐক্য আৰু শান্তিৰ বাবে কাম কৰি থকা মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনৰ লগতে স্থানীয় বিধায়ক তথা মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য্য ডাঙৰীয়াৰ নেৰানেপেৰা প্ৰচেষ্ঠাত প্ৰগতিৰ পৃষ্ঠাত আৰু এটি গৌৰৱৰ বিষয় খোদিত হ’ল।

উত্তৰ পূৱ এছিয়াৰ ভিতৰতে দীৰ্ঘতম
মহাবাহুৰ ওপৰত নিৰ্মীত “গুৱাহাটী পৰা উত্তৰ গুৱাহাটী সংযোগী” ৰোপৱে আজি আনুষ্ঠানিক ভাবে মুকলি হ’ল ৰাইজৰ সুবিধাৰ্থে।
৫৬ কোটি টকা ব্যয়ৰে কাছাৰীৰ পৰা ব্ৰহ্মপুত্ৰ ওপৰেৰে উত্তৰ গুৱাহাটীক সংযোগ কৰা এই ৰোপৱে’ৰ মুঠ দৈৰ্ঘ্য হৈছে ১,৮২০ মিটাৰ ।
এই ৰোপৱেৰ জৰিয়তে সাধাৰণ জনতাই অতি নিৰাপদৰে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ পাৰাপাৰ হ’বলৈ প্ৰয়োজন হ’ব মাত্ৰ ৭ মিনিট সময়ৰ।

ৰাইজৰ সহযোগৰে নিৰন্তৰ ভাবে এই ৰোপৱে প্ৰতিজনকে কম সময় আৰু নিৰাপদ যাত্ৰা প্ৰদান কৰি থাকক। এই গৌৰৱৰ সময়খিনিত মই প্ৰতিজনকে অভিনন্দন জনাইছোঁ।