নিষ্ঠাবান কৰ্মী বিজু শৰ্মা ডাঙৰীয়াৰ কিছু সময় পূৰ্বে সংঘটিত এটি পথ দুৰ্ঘটনাত পতিত হৈ শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰ লাভ কৰি মই অতিকৈ মৰ্মাহত হৈছোঁ৷

ভাৰতীয় জনতা পাৰ্টিৰ গোৱালপাৰা জিলা সমিতিৰ “IT আৰু Social Media“ বিভাগৰ আহ্বায়ক তথা দলৰ এজন অতি নিষ্ঠাবান কৰ্মী বিজু শৰ্মা ডাঙৰীয়াৰ কিছু সময় পূৰ্বে সংঘটিত এটি পথ দুৰ্ঘটনাত পতিত হৈ শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰ লাভ কৰি মই অতিকৈ মৰ্মাহত হৈছোঁ৷


দলে তেখেতৰ দৰে এজন নিষ্ঠাবান, উদ্যমী কাৰ্যকৰ্তাক অকালতে হেৰুৱালে৷ তেখেতৰ বিয়োগ দলৰ বাবে এক অপূৰণীয় ক্ষতি৷

তেখেতৰ পুণ্য আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ