মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ সুদক্ষ নেতৃত্ব, প্ৰগতিশীল, উন্নয়ণমুলক কাম-কাজ, জনহিতৈষী চিন্তাধাৰাৰ বাবেই সমাজৰ সকলো স্তৰৰ ৰাইজৰ মাজত জনপ্ৰিয় হৈ উঠিছে৷ সেইবাবেই বিজেপি দলৰ প্ৰতি আকৃ্ষ্ট হৈ বিভিন্ন সময়ত বিভিন্নজনে দলত যোগদান কৰি আহিছে৷ আজি ২৫ আগষ্ট ২০২০ তাৰিখ মঙ্গলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত শিল্পী সমাজৰ বহুকেইজন জনপ্ৰিয় অভিনেতা অভিনেত্ৰী, কণ্ঠশিল্পী, কৰিঅ’গ্ৰাফাৰে যোগদান কৰে৷ ইয়াৰে ভিতৰত বিশিষ্ট বাদীবাদক দীপক শৰ্মা, জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰ, বলিষ্ঠ অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, ৰেবা ফুকন, অভিনেতা পল ফুকন, কৰিঅ’গ্ৰাফাৰ পংকজ ইংতিকে আদি কৰি প্ৰসন্ন বৰুৱা, কবিন্দ্ৰ দাস, জয়শ্ৰী গোস্বামী, প্ৰতিমা দেৱী, ড্ৰিমলী গগৈ, বিৰিনা পাঠক, অংকুৰ ৰাণী, ধ্ৰুৱ কাশ্যপ, কিশোৰ দাস, সিদ্ধান্ত কলিতা, জয় চক্ৰৱৰ্তী, বৈকুণ্ঠ পাঠক, সুদিপ্তা ভৰদ্বাজ, বিকাশ ভৰদ্বাজ, পল্লব পৰাণ বৰা, বিজয় কাশ্যপ, আৰোহন বৰদলৈ, প্ৰিয়ংকা কলিতা, নিৰৱ মন শৰ্মা, বিকি শৰ্মা, দীনেশ বিষয়া আৰু ঋতিকা হাজৰিকা, ঋষভ শৰ্মা আদি প্ৰধান৷





