ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি.এল সন্তোষ ডাঙৰীয়া তিনিদিনীয়া কৰ্মসূচীৰে অসমত আহি ইতিমধ্যে উপস্থিত হৈছে।


অহা দুদিনত তেখেতে এই কৰ্মসূচীত দলৰ সাংগঠনিক বিষয়ক কেইবাখনো বৈঠকত ভাগ লোৱাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি, দলৰ বিষয়ববীয়া, কাৰ্যকৰ্তাৰ সৈতে আলোচনাত মিলিত হ’ব।