সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিমা পাণ্ডে বঁটাৰে সন্মানীত কৰা সন্মানীয় ফুল কুমাৰী কলিতা বাইদেউৰ মৃত্যৰ বতৰা পাই মৰ্মাহত হৈছো৷

বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা লোক সংস্কৃতিৰ গৱেষিকা, সুবক্তা, সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিমা পাণ্ডে বঁটাৰে সন্মানীত কৰা সন্মানীয় ফুল কুমাৰী কলিতা বাইদেউৰ মৃত্যৰ বতৰা পাই মৰ্মাহত হৈছো৷ তেখেতে লোক সংস্কৃতিৰ ওপৰত ৰচনা কৰা গ্ৰন্থসমূহ আৰু বিভিন্ন প্ৰৱন্ধসমূহে অসমীয়া সাহিত্য-সংস্কৃতিক চহকী কৰি তুলিছে৷ তেখেতৰ এই অতুলনীয় অৱদান অসমীয়া সমাজৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব৷

এনে এগৰাকী মহান আত্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো৷ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো৷

ঔম শান্তি৷