” সৰভোগ সমষ্টিত কেইবাখনো অভিলাষী আঁচনিৰ অধীনত পথ, দলংৰ শুভ উন্মোচন আৰু পথ নিৰ্মানৰ কামৰ শুভাৰম্ভ”

” সৰভোগ সমষ্টিত কেইবাখনো অভিলাষী আঁচনিৰ অধীনত পথ, দলংৰ শুভ উন্মোচন আৰু পথ নিৰ্মানৰ কামৰ শুভাৰম্ভ”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনে ৰাজ্যৰ সকলো প্ৰান্তৰ বাট-পথ সমূহ উন্নত কৰাৰ বাবে নিৰন্তৰ কাম কৰি গৈছে, ৰাজ্যত এতিয়ালৈকে ১৪০০০ পথ আৰু ৮০০ তকৈ অধিক দলং পূৰ্ণ কৰিছে ।

ৰাইজৰ যাতায়ত ব্যৱস্থা উন্নত কৰিবৰ বাবেই ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ বিভাগে নিষ্ঠাৰে কাম কৰি আহিছে ।

আজি মোৰ নিজা সমষ্টি, সৰভোগ সমষ্টিত

কেইবাখনো অভিলাষী আঁচনিৰ অধীনত স্থানীয় ৰাইজৰ সুবিধাৰ্থে ৰাইজলৈ উচৰ্গিত কৰি নিম্ন লিখিত পথ, দলংৰ শুভ উন্মোচন আৰু পথ নিৰ্মানৰ কামৰ শুভাৰম্ভ কৰিলোঁ।

যাতায়ত ব্যৱস্থা উন্নত নহ’লে দেশৰ প্ৰগতি সম্ভৱ নহয়। বাট পথ সমূহৰ নিৰ্মাণৰ সময়ত ৰাইজে নিজাকৈ নিৰ্মান কাৰ্যত তদাৰক কৰি চৰকাৰ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ।

✅RIDF-XX OF NABARD(২০১৪-১৫)বৰ্ষৰ অধীনত ৰহা বগলমাৰী পথৰ পকী দলং নং ৩/১ খন অানুষ্ঠানিক ভাবে ৰাইজৰ যাতায়তৰ বাবে মুকলি।

✅5th ASSAM STATE FINANCE COMMISION ৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ অধীনত বালাপেট গাওঁৰ ৰমোদা ৰয়ৰ ঘৰৰ প্ৰগতি ক্লাৱলৈকে যোৱা পথৰ নিমাৰ্ণ কাৰ্যৰ শুভাৰম্ভ।

✅S.O.P.D.(G) অাঁচনিৰ অধীনত পুনৰ নিৰ্মান কৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাৰেগাওঁ হৈ সৰভোগ নগৰ সংযোগী পথৰ শুভ উন্মোচন।

✅SOPD(G) ৰ ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ অধীনত নিজ দমকাৰ শ্মশানলৈ যোৱা পথৰ নিৰ্মান কামৰ শুভ উদ্ধোধন।