মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক চৰকাৰখনৰ ওপৰত আস্থা ৰাখি আজি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে দলত যোগদান কৰে৷

তাৰে ভিতৰত প্ৰধান কেইজন প্ৰদেশ কংগ্ৰেছৰ সম্পাদক শ্ৰী হেমন্ত কুমাৰ নেওঁগ, বিপিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা শ্ৰীমতী ৰুমী দাস, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক শ্ৰী ইন্দৰ সিং, যুৱ কংগ্ৰেছৰ প্ৰাক্তন জিলা সভাপতি তথা অনুসূচিত জাতি উন্নয়ণ পৰিষদ কলিয়াবৰ জিলা কাৰ্যবাহী সদস্য শ্ৰী জয়ন্ত হাজৰিকা, গুৱাহাটী লোকসভা সমষ্টি যুৱ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক শ্ৰী মহেন্দ্ৰ হাজৰিকা, পূৱ গুৱাহাটী বিধানসভা সমষ্টি যুৱ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক শ্ৰী জয়দেৱ বসুমতাৰী, কলিয়াবৰ কংগ্ৰেছৰ প্ৰাক্তন জিলা সম্পাদক শ্ৰী ভাস্কৰ জ্যোতি বৰুৱা, তাই আহোম উন্নয়ন সমাজ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি শ্ৰী মানৱ জ্যোতি গগৈ৷







