‘জনসম্পৰ্ক অভিযান’ ৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ সৈতে সু-সম্পৰ্ক গঢ়ি তুলি দল আৰু চৰকাৰৰ নীতি-সিদ্ধান্ত আৰু কৰ্মৰ বিষয়ে ৰাইজক অৱগত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে৷

আজি জনসম্পৰ্ক অভিযান কাৰ্যসূচী উপলক্ষে বিশিষ্ট অধিবক্তা জোনমনি দেৱী খাউণ্ড বাইদেউৰ বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ উন্নয়ন মূলক কাম-কাজসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে তেখেতৰ পৰাও বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শও গ্ৰহণ কৰোঁ৷
উক্ত কাৰ্যসূচীত মোৰ সতে সংগ দিয়ে ৰাজ্যিক সমিতিৰ সম্পাদক বেনুধৰ নাথ আৰু Legal Cell ৰ Convener, বিশিষ্ট অধিবক্তা বিজন মহাজন ডাঙৰীয়াই।