“সেৱা সপ্তাহ“ত আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা অসমৰ থলুৱা গীত-মাত, কৃষ্টি- সংস্কৃতিক সম্ভ্ৰান্ত কৰা, অসমৰ যাউতিযুগীয়া পৰম্পৰাক সমৃদ্ধিশালী কৰা অসমৰ ভিন্ন প্ৰান্তৰ সন্মানীয় কিছু নিৰ্বাচিত শিল্পীক আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭০ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈ থকা “সেৱা সপ্তাহ“ত আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা অসমৰ থলুৱা গীত-মাত, কৃষ্টি- সংস্কৃতিক সম্ভ্ৰান্ত কৰা, অসমৰ যাউতিযুগীয়া পৰম্পৰাক সমৃদ্ধিশালী কৰা অসমৰ ভিন্ন প্ৰান্তৰ সন্মানীয় কিছু নিৰ্বাচিত শিল্পীক আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷

শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই “শিল্পী সম্বৰ্দ্ধনা সমাৰোহ“ত বিশিষ্ট সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ ডাঙৰীয়া, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দ’লে, দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা সৈতে উপস্থিত থাকোঁ ৷

সৃষ্টিৰ নিপুন খনিকৰ শিল্পী সকলৰ সান্নিধ্য লাভ কৰি যথেষ্ট আনন্দিত হৈছোঁ ৷ উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ আৰু ৰাজ্য চৰকাৰে নিজা নিজা উদ্যােগত শিল্পী সকলৰ দুখ- দুৰ্দশা আৰু সাম্প্ৰতিক সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সময়ে সময়ে বিভিন্ন কল্যাণ মূলক পদক্ষেপ হাতত লৈ আহিছে ৷ অনাগত দিনটো শিল্পী সকলক নিঃস্বাৰ্থ ভাবে সেৱা কৰাৰ বাবে আমি বদ্ধপৰিকৰ ৷