ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন উপ-সভাপতি বিৰেন্দ্ৰ কুমাৰ গগৈ দেৱৰ যোৱানিশা ৮৫ বছৰ বয়সত দেহাৱসান ঘটে৷

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন উপ-সভাপতি বিৰেন্দ্ৰ কুমাৰ গগৈ দেৱৰ যোৱানিশা ৮৫ বছৰ বয়সত দেহাৱসান ঘটে৷ ৰাজ্যিক বিজেপিৰ সাংগঠনিক ভেটি দূৰ্বল হৈ থকাৰ সময়ত তেতিয়াৰ সভাপতি ৰমেন ডেকা ডাঙৰীয়াৰ সৈতে সন্মানীয় গগৈদেৱে অশেষ কষ্টৰে সমগ্ৰ অসমত বিজেপি দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত সৱল ভূমিকা গ্ৰহণ কৰিছিল৷ তেখেতৰ মৃত্যুয়ে দলৰ অপুৰণীয় ক্ষতি সাধন কৰিলে৷


তেখেতৰ বৈকুণ্ঠগামী বিদেহী আত্মাৰ সদগতিৰ বাবে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো৷