ভাৰত বৰ্ষৰ ১২৫ কোটি জনসাধাৰণৰ ভিতৰত ২ কোটি ৪৮ লাখ দিব্যাংগ লোক আমাৰ দেশত আছে৷ তেখেত সকলো সমাজৰ একো একোটা অংগ, দেশৰ শক্তি৷

দেশত থকা বিশাল পৰিমাণৰ এইসকল লোকৰ বাবে পোন প্ৰথম বাৰৰ বাবে মোদী ডাঙৰীয়াই এই সকল লোকক আন্তৰিকতাৰে “দিব্যাংগ“ নামাকৰণ কৰিছিল আৰু তেওঁৰ নিৰ্দেশতে পোন প্ৰথমবাৰৰ বাবে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসমৰ ১লাখ ৫৩ হাজাৰ দিব্যাংগ ব্যক্তিক বছৰি ১২ হাজাৰ টকা আৰ্থিক সাৰ্হায প্ৰদান কৰি তেখেত সকলক কিছু সকাহ দিয়াৰ ব্যৱস্থা কৰিছে৷

পূৰ্বৰ চৰকাৰে দিব্যাংগ ব্যক্তিসকলৰ নামত চৰকাৰী পদ বা অনান্য ক্ষেত্ৰত সংৰক্ষিত থকা পদ সমূহ পূৰণ কৰা নাছিল৷ কিন্তু বৰ্তমানৰ ৰাজ্য চৰকাৰ খনে নিষ্ঠা, সততা আৰু আন্তৰিকতাৰে দিব্যাংগ ব্যক্তিসকলৰ বিপৰীতে সংৰক্ষিত থকা পদ সমূহ সুকীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে৷

দিব্যাংগ সকলৰ প্ৰতি প্ৰকৃত অৰ্থত মোদী আৰু সোণোৱাল চৰকাৰৰ যি দ্বায়িত্ব আৰু কৰ্তব্য আন্তৰিকতাৰে পালন কৰিছে আৰু অনাগত দিনটো কৰাৰ পৰিকল্পনা হাতত লৈছে ই সঁচাকৈ আমাৰ গৌৰৱৰ বিষয়৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে দেশযুৰি অনুষ্ঠিত কৰা “সেৱা সপ্তাহ“ উপলক্ষে আজি গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে আয়োজন কৰা “ দিব্যাংগ সম্বদ্ধৰ্না“ অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ৷




