ভাৰতীয় জনতা পাৰ্টিৰ নীতি- আৰ্দশৰ প্ৰতি আৰ্কষিত হৈ নিৰন্তৰ নতুন নতুন ব্যক্তিয়ে যোগদান কৰি আহিছে৷
মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু সোণোৱাল চৰকাৰৰজন কল্যাণ মূলক কাম, সৰ্মপিত মনোভাৱৰে কৰা দলৰ অনান্য কাৰ্যকৰ্তাৰ সেৱা ৰ প্ৰতি আৰ্কষিত হৈ আজি ৰাজ্যিক কাৰ্যলায়ত আনুষ্ঠানিক ভাৱে যোগদান কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতি আৰু অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতা-কৰ্মী সহ কেইবাগৰাকী সদস্যই৷


আজি জি.এম.চি ৰ প্ৰাক্তন ক্ষেত্ৰীয় সদস্য নিলাক্ষী দাস মেধি, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ প্ৰাক্তন যুটীয়া সম্পাদিকা ড° নিলাক্ষী শৰ্মা, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ প্ৰাক্তন সম্পাদিকা ৰঞ্জিতা দাস, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ প্ৰাক্তন কাৰ্যকৰী সদস্যা অনুৰাধা দাস ঘোষ, সুষ্মিতা দাস, সলিতা নাথ, ৰূপালী চাংকাকতি, দীপা দাস শইকীয়া, টুটুমনি নাথ, নন্দিতা গুপ্তা, নিলাক্ষী দুৱৰা, মুনমনি দত্ত, অৰূপা দাস, অনিমা দত্ত, সুনিতা বৰবৰা, অনিতা বৰা, চেহনাজ বেগম, শান্তি দাস, গোপা সেন গুপ্তা, উষা দে’, পৰম জিৎ কৌৰ সহ বহুজনে আনুষ্ঠানিক ভাবে যোগদান কৰে৷



আজি যোগদান প্ৰতিগৰাকীকে দললৈ উষ্ম আদৰণি জনাইছোঁ৷
প্ৰতিজনে নি: স্বাৰ্থ ভাবে দলীয় আৰ্দশ সৰোগত কৰি দল আৰু সমাজৰ সেৱা কৰি যাব বুলি আন্তৰিকতাৰে আশা কৰিছোঁ৷