
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ উত্থাপিত হোৱা কৃষি বিধেয়কখন কৃষকবন্ধু সকলৰ ৰক্ষাকবচ হিচাপে পৰিগণিত হ’ব৷ কৃষি সম্পৰ্কীয় তিনিখন বিধেয়ক ক্ৰমে কৃষি উৎপাদন সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্ধন আৰু সুবিধা) বিধেয়ক ২০২০, কৃষক মূল্য নিশ্চিতিকৰণ চুক্তি আৰু কৃষি সেৱা বিধেয়ক ২০২০, অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) বিধেয়ক ২০২০ কৃষকহিতৈষী যুগান্তকাৰী পদক্ষেপ৷

ইয়াৰ ফলত মধ্যভোগীৰ শোষণ আৰু বঞ্চনাৰ পৰা কৃষকসকলক মুক্ত হ’ব৷ কৃষকসকলে তেওঁলোকৰ উৎপাদিত ফচল স্বাধীনভাৱে নায্য আৰু উচিত দামত কোনো মধ্যভোগীক কমিছন নিদিয়াকৈ বিক্ৰী কৰিব পাৰিব৷ কৃষকসকলৰ মাজত আত্মনিৰ্ভৰশীল ধাৰাৰ সূচনা হ’ব৷ কৃষিখণ্ডত নতুন প্ৰযুক্তি প্ৰয়োগ সম্ভৱ হ’ব৷