দুজন সংখ্যালঘু প্ৰাক্তন বিধায়কৰ বিজেপিত যোগদান

দুজন সংখ্যালঘু প্ৰাক্তন বিধায়কৰ বিজেপিত যোগদানঃ

দেশ তথা জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচবিহীন ভাৱে নিৰন্তৰ কাম কৰি অহা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ জনকল্যানমূলক কাম-কাজে সমাজৰ প্ৰতিটো স্তৰৰ ৰাইজৰ মাজত এক সুকীয়া আসন পাবলৈ সক্ষম হৈছে৷

দলৰ নীতি-আদৰ্শই বহুজনক আকৰ্ষিত কৰিছে৷ সেয়েহে সময়ে সময়ে বিভিন্ন দল-সংগঠন বা অনান্য ক্ষেত্ৰৰ পৰা বহুজনে যোগদান কৰি দলৰ সৌষ্ঠৱ বৃদ্ধি কৰিছেহি৷

আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত মোৰ লগতে সংখ্যালঘু মৰ্চাৰ কেন্দ্ৰীয় সভাপতিৰ উপস্থিতিত ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক মহম্মদ আব্দুল আজিজ ডাঙৰীয়া তথা ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াই আমাৰ দলত যোগদান কৰে৷ তেওঁলোকক দললৈ উষ্ম আদৰণি জনোৱাৰ লগতে আগন্তুক দিনত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই যাবলৈ অনুৰোধ জনালো৷