অসমীয়া জাতিৰ গৌৰৱ, স্বাভিমান তথা গুৰুজনাৰ অতুলনীয় সম্ভ্ৰান্ত অৱদান ৰাজ্যৰ “নামঘৰ” সমূহৰ উন্নয়ণ তথা আন্ত:গাথনি শক্তিশালী কৰিবৰ বাবে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে সময়ে সময়ে ভিন্ন আঁচনিৰ মাজৰে উন্নয়ণমূলক উদ্যােগ লৈ আহিছে।

অসমীয়া সমাজ জীৱনৰ এক অন্যতম তথা অপৰিহাৰ্য অংগ হৈছে “নামঘৰ”। সমন্বয়, সংস্কৃতি,আধ্যাত্মিকতাৰ আঁকৰ “নামঘৰ” অসমীয়া জাতিৰ সম্পদ।

অসমীয়া জাতিৰ গৌৰৱ, স্বাভিমান তথা গুৰুজনাৰ অতুলনীয় সম্ভ্ৰান্ত অৱদান ৰাজ্যৰ “নামঘৰ” সমূহৰ উন্নয়ণ তথা আন্ত:গাথনি শক্তিশালী কৰিবৰ বাবে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে সময়ে সময়ে ভিন্ন আঁচনিৰ মাজৰে উন্নয়ণমূলক উদ্যােগ লৈ আহিছে।
নামঘৰ সমূহৰ উন্নয়নৰ বাবে ২০১৮- ১৯ বৰ্ষৰ অসম চৰকাৰৰ আছুতীয়া পুঁজিৰে মোৰ নিজা সমষ্টি সৰভোগ সমষ্টিৰ নামঘৰ সমূহৰ উন্নয়নৰ বাবে আনুষ্ঠানিক ভাবে সমষ্টিৰ ২০ টা নামঘৰলৈ আজি ২.৫০ লাখ টকাকৈ অনুদান আগবঢ়াও। পৰ্যায়ক্ৰমে অনাগত সময়ত সৰভোগ সমষ্টিৰ প্ৰতিটো নামঘৰলৈ আৰ্থিক অনুদান আগবঢ়োৱা হ’ব।

অসমীয়া জাতি তথা সমাজ গঠন প্ৰক্ৰিয়াত বিশেষ ভূমিকা লৈ অহা নামঘৰ সমূহৰ উন্নয়নৰ বাবে প্ৰদান কৰা এই অনুদান সমূহে যথেষ্ট উপকৃত কৰিব বুলি মই আশাবাদী।