
ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব লাভ কৰা ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ গত কাৰ্যকালৰ প্ৰশাসনিক সাধাৰণ সম্পাদক সন্মানীয় মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক আজি হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ প্ৰধান কাৰ্যালয় “অটল বিহাৰী বাজপেয়ী ভৱন”ৰ সভাকক্ষত ভা জ পা,অসম প্ৰদেশৰ তৰফৰ পৰা উষ্ণ সম্বৰ্ধনা জনোৱা হয় ।

ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সাধাৰণ সম্পাদক(প্ৰশাসন),সম্পাদক,মুখপাত্ৰ,ভাৰতীয় জনতা যুৱ মৰ্চা,অসম প্ৰদেশৰ সভাপতিকে ধৰি ভাজপাৰ বিভিন্ন দায়িত্বত কাৰ্যনিৰ্বাহ কৰোঁতে দক্ষতাৰ পৰিচয় দাঙি ধৰা শ্ৰীযুত শইকীয়া ডাঙৰীয়াই ভাজপাৰ ৰাষ্ট্ৰীয় সমিতিত এনে গুৰুত্বপূৰ্ণ স্থান পোৱা অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী কাৰ্যকৰ্তা । ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে এক সফল কাৰ্যকালৰ অযুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

বি জে পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীৰ আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত বি জে পি ৰ উত্তৰ-পূবৰ সাংগঠনিক সম্পাদক অজয় জামৱাল ডাঙৰীয়া আৰু নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ মাননীয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে ভা জ পা,অসম প্ৰদেশৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সকল উপস্থিত আছিল ।
