“ঐতিহাসিক শিৱসাগৰ জিলাৰ পৰাই আৰম্ভ মিছন ১০০+ ৰ পূৰ্ণাংগ প্ৰস্তুতি“

“ঐতিহাসিক শিৱসাগৰ জিলাৰ পৰাই আৰম্ভ মিছন ১০০+ ৰ পূৰ্ণাংগ প্ৰস্তুতি“

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশে আজি ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখনি অনুষ্ঠিত কৰে৷ সভাত অংশগ্ৰহণ কৰি মই আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যকৰ্তা সকলৰ লগত দলৰ আভ্যন্তৰীণ বিভিন্ন দিশৰ ওপৰত গঠনমূলক আলোচনাত মিলিত হওঁ৷ দলীয় কাৰ্যকৰ্তাৰ উৎসাহ উদ্দীপনা দেখি মই নিশ্চিত যে সকলোৰে সহযোগিতাত অহা বিধানসভা নিৰ্বাচনত আমি ১০০+ আসন লাভ কৰিবলৈ সক্ষম হ’ম৷

আজিৰ সভাত মোৰ উপৰিও উপস্থিত থাকে সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মহোদয়ৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মাননীয় ৰামেশ্বৰ তেলী ডাঙৰীয়া, নৱনিযুক্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, সাংসদ কামাখ্যা প্ৰসাদ তাছা, ফনীন্দ্ৰ শৰ্মা, যোগেন মহন, অনুপ বৰ্মণ, জয়ন্ত কুমাৰ দাস, ৰূপম গোস্বামী, সুৰঞ্জন দত্ত আৰু দলীয় কাৰ্যকৰ্তাসকল৷