ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মৰ্চাসমূহৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা
আগন্তুক সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আজি নগাঁওত এখন সভাত অংশগ্ৰহণ কৰোঁ৷ এই সভাত কলিয়াবৰ আৰু নগাঁও জিলাৰ সংখ্যালঘু মৰ্চাৰ সহযোগত কলিয়াবৰত সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ আগন্তুক নিৰ্বাচনত দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত নগাঁও, মৰিগাঁও আৰু কলিয়াবৰ জিলাৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰ্তা সকলৰ ভূমিকা তথা দায়িত্বৰ বিষয়ে অৱগত কৰাৰ লগতে দলৰ অনান্য দিশসমূহৰ ওপৰত আলোচনাত মিলিত হওঁ৷

উল্লেখযোগ্য যে ইতিমধ্যে অসমৰ বিভিন্ন জিলাত মৰ্চাসমূহৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাসমূহ আয়োজন কৰা হৈছে আৰু বহুকেইখন জিলাত অতি সোনকালেই এই মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাসমূহ অনুষ্ঠিত কৰা হ’ব৷ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত শিৱসাগৰত যোৱা ৩ তাৰিখে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখনি অনুষ্ঠিত হৈ যায়৷ মহিলা মৰ্চাৰ ডিব্ৰুগড়ত, অনুসূচিত জাতি মৰ্চাৰ মঙ্গলদৈত, অনুসূচিত জনজাতি মৰ্চাৰ কোকৰাঝাৰত, কিষাণ মৰ্চাৰ ৰঙিয়াত এইমাহৰ ভিতৰতে অনুষ্ঠিত কৰা হ’ব৷