“জাতিভাই খিলঞ্জীয়া ভূমিপুত্ৰলৈ ১লাখ পট্টা প্ৰদান কৰি জাতি-মাটি ৰক্ষাৰ প্ৰতিশ্ৰুতি পুৰণ ।”

“জাতিভাই খিলঞ্জীয়া ভূমিপুত্ৰলৈ ১লাখ পট্টা প্ৰদান কৰি জাতি-মাটি ৰক্ষাৰ প্ৰতিশ্ৰুতি পুৰণ ।”

 

ইতিহাসে সকিয়ায় যি জাতিৰ মাটি নাথাকে,সেই জাতি বিলুপ্ত হয় । সেয়ে,অসমৰ খিলঞ্জীয়া ভূমি পুত্ৰ সকলৰ হাতত মাটি তুলি দিয়াটোৱেই ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম প্ৰাক্ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল । এই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন ৰাজ্যৰ সোণোৱাল চৰকাৰে আজিৰ দিনটোত একেলগে ৫৫,৬৬১(পচপন্ন হাজাৰ ৬৬১) খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা তুলি দিয়াৰ লগে-লগে যোৱা মাৰ্চমাহলৈকে প্ৰদান কৰা ৪৫,১৪১ পট্টাৰ স’তে মুঠ ১লাখৰ অধিক জাতিভাই ভূমি-পুত্ৰলৈ মাটি আগবঢ়াই জাতি-মাটি ৰক্ষাৰ প্ৰকৃত আৰু একমাত্ৰ ত্ৰাণকৰ্তাত পৰিণত হৈছে । অসমীয়া জাতি-মাটি ৰক্ষাৰ বাবে বি জে পিৰ বিকল্প নাই ।

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত পট্টা প্ৰদানৰ অনুষ্ঠানত মই উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ । এই অনুষ্ঠানত মোৰ সতে বৰপেটাৰ মাননীয় বিধায়ক গুণীন্দ্ৰ নাথ দাস,জিলা উপায়ুক্ত মুনীন্দ্ৰনাথ শৰ্মা প্ৰমুখ্যে সংশ্লিষ্ট সকল উপস্থিত থাকে ।