আজি বৰপেটা জিলাত ৫টা প্ৰকল্পৰ কাম শুভাৰম্ভ অনুষ্ঠানত অসম চৰকাৰৰ নিৰ্মাণ, বিত্ত, শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগত উপস্থিত থাকো৷

আজি বৰপেটা জিলাত ৫টা প্ৰকল্পৰ কাম শুভাৰম্ভ অনুষ্ঠানত অসম চৰকাৰৰ নিৰ্মাণ, বিত্ত, শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগত উপস্থিত থাকো৷

√ অসম চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ (SOPD) আঁচনিৰ অধীনত মঞ্জুৰিপ্ৰাপ্ত ‘চিগনেচাৰ প্ৰকল্প’ ৰ বৰপেটা সমষ্টিৰ এটি পথ
√ ‘চিগনেচাৰ প্ৰকল্প’ৰ চেঙা বিধানসভা সমষ্টিৰ এটি পথ
√ বাঘবৰ বিধানসভা সমষ্টিৰ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান (RUSA) আঁচনিৰ অধীনত নতুন আদৰ্শ স্নাতক মহাবিদ্যালয়
√ ফকৰুদ্দিন আলী চিকিৎসালয় মহাবিদ্যালয়ৰ ১০০ খন বিচনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়
√ অসম চৰকাৰৰ অনুমোদিত নতুন আদৰ্শ কন্যা মহাবিদ্যালয়

আজিৰ এই কাৰ্যসূচীত মোৰ উপৰিও উপস্থিত থাকে বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, চেঙা বিধানসভা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদ আৰু বাঘবৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ৷